বজালীৰ শব্দকোষ ২ঃ ডঃ জয়ন্ত কুমাৰ শৰ্মা

  •  
  •  
  •  
  •  
  •  

অখুৰ, অখ্ খুৰমূৰা : দৈত্য, দানব, উদণ্ড লোক। যেনে – যদুৰ চলিটু মহা অখুৰ এ।

অগমূৰা : অকৰা, একো নুবুজা। যেনে – হাবিৰামৰ নাইটেকটু কি আগমূৰা চলি এ?

অগ্রং বগ্ৰং : সংগতিবিহীন কথা। যেনে – ঈগলাখেন অগ্রং বগ্ৰং বকি নাথকিবিদে, কৈ দিছু।

অগ্রং বগ্ৰং কৰ্ : সংগতিবিহীন কথা কোৱা বা কাম কৰা। যেনে – তই কি অগ্রং বগ্ৰং কৰি আছা?

অগ্ৰা, মৰ অগ্ৰা : মৃত্যুৰ ঠিক আগতে মুখত দিয়া বস্তু, অনিচ্ছা সত্ত্বেও কাৰোবাক খাবলৈ দিয়া বস্তু। যেনে – ঐ, মাধৱৰ আইবেকক অগ্ৰা কায় কায় খুৱবি আহ।

অঘাইতং : অতি দুষ্ট। যেনে – বাপনৰ সৰু ভায়েকটু মহা অঘাইতং।

অঘূইণা : নিঘূণীয়া, গাত ক্ষতি ক্ষুণ নোহোৱা। যেনে – কাম কৰি খাৱ মানহু আমি, তুহাৰ দৰে অঘূইণা হৈ ক’ত থাকপা পাৰবি?

অচ্ : আহাৰ খোৱাৰ পাছত পানীৰে মুখ ধোৱা। যেনে – যা বাপা ইতা অচে ফেলো।

অচৰ চাপ্ : কাষলৈ আহ, ওচৰলৈ আহ। যেনে – ও মাই, অলপ অচৰ চাপি আহ।

অচৰ হ : চমু হ, ওচৰ হ। যেনে – ঐ গোলাপী, এহেন্দি বুল, খানিক অচৰ হব দে।

অচ্ ৰা অচ্ ৰি : ওচৰা ওচৰি, কাষে কাষে। যেনে – ঐ পদুমী, এখনি বয়া জাগা, অচ্ ৰা অচ্ ৰিকে আহি থাক।

অচ্ ৰে পাজ্ ৰে : কাষৰে পাজৰে। যেনে – ও অলপ শুনবছু, এখনিৰ অচ্ ৰে পাজ্ ৰে জতাৰ দকন আছেনা?

অচ্ ৰোৰ বামুণ সুৰি সুৰি : বেছি চিনাকি লোকক গুৰুত্ব নিদিয়া। যেনে – তাক অত কৰি দিলু, কিন্তু গুৰুত্ব নাই, কথাতে কয়ে নহে – অচ্ ৰোৰ বামুণ সুৰি সুৰি।

অচল্ তি হ : অপ্ৰচলন হ, লৰচৰ কৰিব নোৱাৰা হ। যেনে – বিজুৰ আইবেকৰ বয়েস হৈছি নহে, গতে অচল্ তি হৈছি।

অচিন কাঠোৰ থুৰা লগ্ : অচিনাকি মানুহৰ লগত সম্পৰ্ক ৰাখ্ । যেনে – হে বাপা, অচিন কাঠোৰ থুৰা নলগবি, আজিকালি কাকো বিশ্বাস কৰবা নৰি।

অচিনা : অচিনাকি। যেনে – তেওঁ কুনহে মহেশ? কাকা নাজনু, অচিনা মানহু।

অজঙ্গল, অজঙ্গইলা : অবুজন স্বভাৱ, অবুজন। যেনে – এটু কি অজঙ্গইলা চলি এ?!

অজা : বেজ, ওজা। যেনে – ও কায় আছা এ? বেঙাৰ মায়েকক সাপে কামৰইছি, তাৰাতাৰি অজা এটা বিচৰি আন।

অজ্জুনোৰ ঘাই : দোষৰ মূল কাৰণ। যেনে – তাহাৰ কাইজাখেনৰ আচল অজ্জুনোৰ ঘাই হল বীৰেন মামা।

অজুহাত : চেলু, আপত্তি। যেনে – জগদীশে গুৱাহাটীত নাজৰ অজুহাতটু কিনু?

অজেলি, অজেলি কৰ্ : বেজালি কাৰ্য্য, বেজালি কৰ্। যেনে – কিয়ে বাই, তোই অজেলি কৰবা শিখছা না কি?

অঠৰ : ওঠৰ, ১৮ সংখ্যা। যেনে – চাউং ৰীনা মাই, তোৰ হাতত অঠৰ টাকা আছেনা?

অত, অতখেনি, অতনা : ইমান, ইমানখিনি, বেছি। যেনে – বাপ্পাঐ, অজ্জুন আহাৰ ঘোৰোত ইবাৰ অত ধান হৈছি।

অত্, অতে দি : পানীৰে চাফা কৰ্। যেনে – ৰেৱতী, ইতা চুৱা ভাত সেই পাকা নালাটুত অতে দি।

অতা : ৰান্ধনি ঘৰৰ পৰা পানী ওলাই যোৱা সুৰুঙা। যেনে – অই জাকিৰ, আমাৰ পাকঘৰৰ অতাটু চাফা কৰি দি যাহি চুন।

অতে থ : পানীত তিয়াই থ। যেনে – ও নাউং মাই, বৰা চাউলখিনি বেছি পানী দি অতে থো। পুৱা খুন্দি ফেলবা লাগব।

অতিচাৰ : আৱশ্যকতকৈ বেছি। যেনে – তাৰ অতিচাৰ হৈছি, ধ্বংস হবা বেছি দিন নাঙ্গে।

অতিপাত : খুব বেছি। যেনে – নকবি ৰমেন, এই কেইদিন এনে আৰ চিৰ অতিপাত কাম হৈছি।

অথল : অনুপযুক্ত ঠাই। যেনে – ঐ মইনা, অথলত মনাখেন নথবি, খাৱবস্তু আছে।

অথলত পৰ্ : অনুপযুক্ত ঠাইত পৰ্ , অযোগ্য ব্যক্তিৰ হাতত পৰ্। যেনে – বয়ায়ে লাগছি, মনেশ্বৰৰ জীয়টু গতে অথলত পল্লাক এ।

অথলে গেল : বিফলে গ’ল। যেন – তাৰ অত কষ্ট অথলে গেল।

1 Comment

Leave a Reply

Your email address will not be published.