August 16, 2018

শুভেচ্ছা বাৰ্তাঃ ডঃ অমৰজ্যোতি চৌধুৰী

উপাচাৰ্য্য, অসম ডাউন টাউন বিশ্ববিদ্যালয়

শুভেচ্ছাৰে এষাৰ –

“মণিকূট” নামৰ সাহিত্য-সংস্কৃতি বিষয়ক এখন দুমহীয়া ইন্টাৰনেট ভিত্তিক আলোচনী প্ৰকাশৰ আয়োজন কৰা হৈছে বুলি জানি মই নথৈ আনন্দিত হৈছোঁ । মোৰ আশা – এই আলোচনীয়ে অসমীয়া আলোচনী জগতক এক নতুন আয়তন দিবহি।
ইতি –

ডঃ অমৰজ্যোতি চৌধুৰী
হেমচন্দ্ৰ ৰোড, উজানবজাৰ
গুৱাহাটী
৮ আগষ্ট, ২০১৮

শুভেচ্ছা বাৰ্তাঃ জুবিন গাৰ্গ

শুভেচ্ছা বাৰ্তাঃ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

ভাৰতবৰ্ষ -এই দেশখন আজিৰ দিনটোত যেতিয়া স্বাধীন হৈছিল , আমি প্ৰতিগৰাকী ভাৰতবাসী স্বাধীন হোৱা নাছিলো ৷আজিও হোৱা নাই ৷কিন্তু সেয়াই আছিল প্ৰতি গৰাকী ভাৰতবাসীক স্বাধীন কৰি তোলাৰ এক শুভ-আৰম্ভণী ,এক গুৰুত্বপূ্ৰ্ণ পদক্ষেপ , এক আনুষ্ঠানিক অঙ্গীকাৰ ,এক দীঘলীয়া যাত্ৰা ৷সকলো বাধা ,প্ৰতিৱন্ধকতাৰ পৰা মুক্ত হৈ যিদিনা প্ৰতিগৰাকী ভাৰতবাসীয়ে এক পৰিপূৰ্ণ জীৱন যাপন কৰাৰ সুযোগ লাভ কৰিব ,সেই দিনাই প্ৰকৃতাৰ্থত আমি স্বাধীন হম ৷সেই স্বাধীনতা আমি নিজৰ শক্তিৰে লাভ কৰিমেই বুলি সঙ্কল্প লোৱাৰ বাবে আজিতকৈ ভাল দিন আৰু একো হব নোৱােৰে ৷যিসকলে সেই যাত্ৰাৰ এদিন শুভাৰম্ভ কৰিছিল , যিসকলৰ প্ৰচেষ্টাত আমি ইমানখিনি পালো ,সেই সকলক কৃতজ্ঞতা জনোৱাৰ সৰ্বোত্তম দিনও আজিৰ দিনটোৱেই ৷দেশৰ স্বাধীনতা এক অন্তহীন অবিৰাম যাত্ৰাৰ আৰম্ভণী ৷ আহক , সেই যাত্ৰা উৎসাহেৰে অব্যাহত ৰখাৰ সঙ্কল্প লওঁ ৷

আজিৰ এই বিশেষ দিনটোতে পাঠশালাৰ কেইগৰাকীমান সাংস্কৃতিক মনৰ ব্যক্তিয়ে ‘মণিকূট’ নামৰ এখন মাল্টিমিডিয়া ৱেব মেগাজিন প্ৰকাশ কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । তেখেতসকলৰ এই প্ৰচেষ্টাৰ মই শলাগ লৈছোঁ লগতে আলোচনীখনে অসমৰ সাহিত্য আৰু সাংস্কৃতিক জগতত এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছোঁ ।

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী
১৫ আগষ্ট, ২০১৮

অ’ মোৰ আপোনাৰ দেশঃ ভায়োলিন

মনোজ বৰুৱা আৰু সংগীবৃন্দ

স্বাধীনতা দিৱস বিশেষ

শুভেচ্ছা বাৰ্তাঃ উৎপল দত্ত

পাঠশালাৰ পৰা প্ৰকাশিত মাল্টিমিডিয়া ৱেব মেগাজিন মনিকূট.কমলৈ শুভকামনা জনালো ৷এখন সৰ্বাংগ সুন্দৰ ই মেগাজিন হ’ব বুলি আমি আশাবাদী ৷

উৎপল দত্ত
চলচ্চিত্ৰ সমালোচক

শুভেচ্ছা বাৰ্তাঃ নিতুমণি শইকীয়া

মণিকূট – সদ্য জনপ্ৰিয় ই মেগাজিনৰ পৃথিৱীত নৱতম সংযোজন ৷ শিক্ষা তথা সাংস্কৃতিৰ অন্যতম ক্ষেত্ৰ পাঠশালাৰ পৰা প্ৰকাশিত মণিকূট.comলৈ আন্তৰিক শুভেচ্ছা জনাইছো ৷ এখন উৎকৃষ্ট আৰু উৎকৰ্ষ সাধনকাৰী ৱেব মেগাজিন হিচাপে মণিকূটেও সমাজ, সংস্কৃতি, বিজ্ঞান আদি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি আশা কৰিছো ৷ বৌদ্ধিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উত্তৰণৰ বাবে মণিকূট পথেয় হৈ ৰওক, তাৰেই কামনা কৰিছো ৷ মণিকূটৰ দৰেই উচ্চ শিখৰত ধাৱমান হওক monikut.com

নিতুমনি শইকীয়া
মুখ্য সম্পাদক,
প্ৰতিদিন টাইম

কাব্যশিল্প

শুভেচ্ছা বাৰ্তাঃ পবিত্ৰ মাৰ্ঘেৰিটা

মণিকূটলৈ আমাৰ শুভেচ্ছা থাকিল ৷ ছপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ লগতে নতুনকৈ সমযোজিত হোৱা ইণ্টাৰনেটৰ অভূতপূৰ্ব গণমাধ্যম হ’ল চ’চিয়েল মিডিয়া ৷ বিজ্ঞানৰ এই অবদানক বৌধ্যিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত উপযোগীকৈ ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি আহিছে শিক্ষা-সংস্কৃতিৰ পীঠস্থান পাঠশালাৰ কিছু শিক্ষিত-সাংস্কৃতিক-উদ্যমী ব্যক্তি, যাৰ চিন্তাৰ ফচল মণিকূট.কম ৷ অসমৰ জাতীয় জীৱনত যিদৰে মণিকূট অতি শ্ৰদ্ধেয় অংগ, ঠিক সেইদৰে বেৱ মেগাজিন মণিকূটেও যেন মানুহৰ মনত শ্ৰদ্ধা জিনিবলৈ সক্ষম হয় ৷

পবিত্ৰ মাৰ্ঘেৰিটা
অধ্যক্ষ, জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’

“মণিকূট”লৈ শুভেচ্ছাৰে..

AssamInterview.com

প্ৰৱ্ন্ধ বিতান

শুভেচ্ছা বাৰ্তাঃ প্ৰস্তুতি পৰাশৰ

“মণিকূটলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছো। শুভেচ্ছা জ্ঞাপন কৰিছো। যিহেতু ই ৱেব মেগাজিন হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু যিহেতু ইয়াত সকলো দিশ সামৰি লোৱা হৈছে, সেয়ে আজি ছেটেলাইটৰ পৃথিৱীখনত মণিকূটে এক নিজস্ব মণিকূট স্থাপন কৰিব পাৰিব বুলি মই আশাবাদী।”

প্ৰস্তুতি পৰাশৰ
বিশিষ্ট অভিনেত্ৰী

শুভেচ্ছা বাৰ্তাঃ অতনু ভূঞাঁ

মণিকূট.comৰ কথা শুনি ভাল লাগিল । এতিয়া মানুহ যথেষ্ট ব্যস্ত ৷ কাকত, আলোচনী পঢ়িবলৈ এতিয়া মানুহৰ সময় খুব কম ৷ হাতত থকা ম’বাইলটোতে সকলো কৰিব বিচাৰে ৷ গান শুনাৰ পৰা আৰম্ভ কৰি বাতৰি পঢ়ালৈ সকলো ৷ এনে অবস্থাত এতিয়া অন্যতম বিকল্প হৈছে ৱেব আলোচনী ৷ সেয়েহে মনিকূট এক সঠিক পদক্ষেপ ৷শুভ ইচ্ছা থাকিল ৷

অতনু ভূঞা

স্মৰণীয় ব্যক্তিত্ব

মুখামুখি

শুভেচ্ছা বাৰ্তাঃ মহাদেব ডেকা

monikut.com লৈ আন্তৰিক শুভেচ্ছা জনালো ৷ সময় ও সুবিধা অনুসৰি মই স্বাস্থ্য আৰু ফিটনেচ সম্পৰ্কীয় লিখনি আৰু ভিডিঅ সন্নিবিষ্ট কৰিম মণিকূটত ৷ মনিকূট দীৰ্ঘায়ু হওক ৷

মহাদেব ডেকা
মিঃ ইউনিভাৰ্চ আৰু ফিটনেচ গুৰু ৷

ইতিহাসৰ পম খেদি

শুভেচ্ছা বাৰ্তাঃ প্ৰমোদ কলিতা

মাল্টিমিডিয়া ৱেব মেগাজিন মেগাজিন মণিকূট ডট কমলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ৷ শিক্ষা নগৰী পাঠশালাৰ এই পদক্ষেপে যেন অসমীয়া ভাষা আৰু সাংস্কৃতিত অৰিহনা যোগাৱ পাৰে তাৰেই কামনা কৰিছো ৷

প্ৰমোদ কলিতা
সচিব, অসম প্ৰকাশন পৰিষদ

অনুভৱৰ স্বৰ

বজেইলা লেখা

চিত্ৰকলা

ভাস্কৰ্য্য

গীতিমঞ্জৰী

য্ন্ত্ৰসংগীত

শিল্পী স্মৰণ

গ্ৰন্থ সমালোচনা

ছায়াচিত্ৰ

বিজ্ঞাপন

বিজ্ঞাপন

বিজ্ঞাপন